Show/Hide Keyboard Layout

সাৰ পাম মই

- নিৰ্মলপ্ৰভা বৰদলৈ

সাৰ পাম মই পুৱতি নিশাতে

নিয়ৰ যেতিয়া সৰে

বাটৰ শুকান ধূলিক সেমেকা

যিটো প্ৰহৰে কৰে

আই মোক জগাবি আই মোক জগাবি ।

 

মই চাব খোজো হেঙুলী বেলিয়ে

আন্ধাৰ কেনেকৈ নাশে

ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে

কুসুমৰ কাষে কাষে

উদং বতাহৰ বুকু কেনেকৈ

মিঠা সুবাসেৰে ভৰে

আই মোক জগাবি আই মোক জগাবি ।

 

জানিব খুজিছো গোপন মন্ত্ৰ

সৃষ্টিত থকা আই

জানিব খুজিছো কি গীত গালে

শূন্য আঁতৰি যায়

মোৰ পণ আছে ফুলি উঠিবৰ

সূৰ্য্যমুখীৰ দৰে ।

Hits: 2058